ভাগৱত-পুৰাণৰ দশম স্কন্ধৰ কৃষ্ণ তথা গোপী লীলাৰ পাঁচটা অধ্যায়ক একত্রে ৰাস-পঞ্চাধ্যায় বোলা হয় । এই আখ্যান বৃন্দাবনৰ গোপীসকলে শ্রীকৃষ্ণক মনে প্রাণে প্রেম কৰাৰ ভাৱতেই বিৰচন কৰা হৈছে , ইয়াক লৈয়ে হৈছে ৰাস ।শৰৎ-কালৰ পূৰ্ণিমা ৰাত্রিত যোগমায়াৰ প্রভাৱত শ্রীকৃষ্ণই ৰাস লীলা কৰিলে ।ব্যাসদেৱে ভাগৱতত বা শংকৰদেৱে নিজৰ ৰচনাত আহ্লাদিনী বুলি ৰাধাৰ উপাসনা নকৰিলেও ভকত গোপীৰ প্রেমক বিনা দ্বিধায়েই মানি লৈছে - নুগুচৈ হৰি গীত দিনে ৰাতি জগতকে কৰৈ পৱিত্র আতি।। উদ্ধৱে বন্দিলা গোপীৰ ধূলি আৱে মুঢ়জনে নিন্দে কি বুলি।। (- পাষণ্ড মৰ্দ্দন,কীৰ্ত্তনঘোষা) ‘আগম শাস্ত্রত’ বৰ্ণিত এই গোপ-নাৰী সকলৰ নাম এনেকুৱা – ৰাধা, ললিতা,বিশাখা,ইন্দুলেখা,চিত্রা,চম্পকলতা,.... অনেক নাম । এই প্রেম কিন্তু, পৰকীয়াহে । পৰকীয়া শব্দটি বিতৰ্কিত ,তেন্তে ভগৱানৰ সৈতে তাৰ সম্পৰ্কনো কি ? দৰাচলতে, শাস্ত্রৰ এই পৰকীয়া প্রেম মানৱীয় ধাৰাত সন্নিবিষ্ট নহয় , ই আধ্যাত্মিক দিশতহে প্রযোজ্য হয় । মা...
write-ups about Literature and saints of Vaishnavism