Skip to main content

যথাৰ্থ ৰাস

   ভাগৱত-পুৰাণৰ দশম স্কন্ধৰ কৃষ্ণ তথা গোপী লীলাৰ পাঁচটা অধ্যায়ক একত্রে ৰাস-পঞ্চাধ্যায় বোলা হয় । এই আখ্যান বৃন্দাবনৰ গোপীসকলে শ্রীকৃষ্ণক মনে প্রাণে প্রেম কৰাৰ ভাৱতেই বিৰচন কৰা হৈছে , ইয়াক লৈয়ে হৈছে ৰাস ।শৰৎ-কালৰ পূৰ্ণিমা ৰাত্রিত যোগমায়াৰ প্রভাৱত শ্রীকৃষ্ণই ৰাস লীলা কৰিলে ।ব্যাসদেৱে ভাগৱতত বা শংকৰদেৱে নিজৰ ৰচনাত আহ্লাদিনী বুলি ৰাধাৰ উপাসনা নকৰিলেও ভকত গোপীৰ প্রেমক বিনা দ্বিধায়েই মানি লৈছে -

নুগুচৈ হৰি গীত দিনে ৰাতি
জগতকে কৰৈ পৱিত্র আতি।।
উদ্ধৱে বন্দিলা গোপীৰ ধূলি 
                                       আৱে মুঢ়জনে নিন্দে কি বুলি।। (- পাষণ্ড মৰ্দ্দন,কীৰ্ত্তনঘোষা)

‘আগম শাস্ত্রত’ বৰ্ণিত এই গোপ-নাৰী সকলৰ নাম এনেকুৱা – ৰাধা, ললিতা,বিশাখা,ইন্দুলেখা,চিত্রা,চম্পকলতা,.... অনেক নাম । এই প্রেম কিন্তু, পৰকীয়াহে । পৰকীয়া শব্দটি বিতৰ্কিত ,তেন্তে ভগৱানৰ সৈতে তাৰ সম্পৰ্কনো কি ? দৰাচলতে, শাস্ত্রৰ এই পৰকীয়া প্রেম মানৱীয় ধাৰাত সন্নিবিষ্ট নহয় , ই আধ্যাত্মিক দিশতহে প্রযোজ্য হয় । মানৱ নিৰ্মিত সকলো নীতি নিয়ম ত্যাগ কৰি বৃন্দাবনৰ তিৰোতাসৱে ভগৱানক বিচাৰি আহিছে , তেওঁলোকৰ মনত আন একো ইচ্ছা বা আকাংক্ষা নাই । ই দৰাচলতে সন্ন্যাসৰে এক ৰূপ । আমাৰ মহাপুৰুষ দুজনায়ো নিজৰ ৰচনাৰে গোপীৰ প্রেমক ব্যক্ত কৰিছে ; মহাপুৰুষ শংকৰদেৱে কীৰ্ত্তনৰ ৰাসক্রীড়া অধ্যায়ত কৃষ্ণ আৰু গোপ-নাৰীসৱৰ মিলন বৰ্ণন কৰি কৈছে , ‘গোপিকাৰ মোক্ষ দেখি নুহিবা বিস্ময়’। মহাপুৰুষ মাধৱদেৱে আকৌ গোপীৰ ভক্তিত আকৃস্ট হৈ ভক্তি ৰত্নাৱলী গ্রন্থত এনেকৈ লিখিছে –
    ‘গোপীৰ ভাগ্যৰ কথা    থাকোক বৰ্ণাইবো কত
          মোৰ হেন প্রাৰ্থনা মনত।
      তাসম্বাৰ পদৰেণু      যিটো তৃণ বনে পৰে 
                  ইটো বৃন্দাবনৰ মাজত।।
              তাৰ এক গাছি তৃণ    হৈয়ো থাকো তেবে মোৰ
                  মিলে মহা ভাগ্য বিপৰীত   । (-ভক্তি ৰত্নাৱলী )

  ৰত্নাৱলীৰ মূল ৰচক বিষ্ণুপুৰী সন্ন্যাসীৰ অভিমতো সেই একেই । এবাৰ , ৰামকৃষ্ণ পৰমহংস দেৱক বংগৰ এজন বিশিষ্ট লেখকে শ্রীকৃষ্ণৰ ৰাজনীতিজ্ঞ চৰিত্রক লৈ লিখা এখনি গ্রন্থ পঢ়ি শুনাবলৈ আহিছিল ,কিন্তু , ৰামকৃষ্ণ পৰমহংসদেৱে পোণপ্রথমেই কিতাপখনত ভগৱানৰ বৃন্দাবনৰ শিশু লীলা,ৰাসলীলা আদি আছে নে সেয়াহে প্রশ্ন কৰিছিল । যেতিয়া লেখকে তাত কেৱল কৃষ্ণৰ ৰাজনীতি বা কূটনীতিৰ কথাহে আছে বুলি কৈছিল, তেতিয়া পৰমহংসদেৱে কৈছিল যে বৃন্দাবন লীলাৰ অবিহনে তেৰাই আন বিলাক কথা শুনিবলৈ আগ্রহ প্রকাশ নকৰে ।

      লক্ষ্মীনাথ বেজবৰুৱাই ৰাসৰ বিষয়ে এনেকৈ লিখিছে – ৰাসলীলাৰ ওপৰ ভাগত প্রাকৃত শৃংগাৰ ৰসৰ ঢ়াকনি আছে ; সেইদেখি ওপৰচকুৱাসকলে তাত অশ্লীলতা দেখে ।এই বাৱেই শুকদেৱে ৰাসপঞ্চাধ্যায়ৰ শেহৰ শ্লোকটোত ৰাসলীলা শুনোতা আৰু বৰ্ণাওঁতাক ‘ধীৰ’,‘শ্রদ্ধান্বিত’,বিশ্লেষণেৰে বিশেষিত কৰিছে আৰু কৈছে ,এনে ধীৰ অচঞ্চল লোকে শ্রদ্ধাৰ সৈতে বিষ্ণুৰ ৰাসলীলা শ্রৱণ বা কীৰ্ত্তন কৰিলে তেওঁ অচিৰতে ভগৱন্তৰ প্রতি পৰাভক্তি লাভ কৰি কাম নাম ৰোগৰ পৰা মুক্ত হয় । (তত্ত্বকথা, লক্ষ্মীনাথ বেজবৰুৱা)

এতিয়া প্রশ্ন হয় গোপীসকলে ভগৱান বুলি নে সাধাৰণ মানুহৰ ভাৱত হৰিৰ প্রেমত বিহ্বল হৈছিল ;তাৰ সমিধানো ভাগৱততেই আছে-
                 ন খলু গোপিকানন্দননো ভবান্
                     অখিলদেহিনামন্তাৰাত্মদৃক্ ।
                           (ভাগৱত ১০/৩১/৪)
অৰ্থাৎ ,তুমি কেৱল গোপী(যশোদা)ৰ পুত্রাদিয়েই নহয় ,কিন্তু সকলো প্রাণীৰ অখিল আত্মাই তুমি ; জগৎ পালনৰ বাৱেই বহ্মাৰ প্রাৰ্থানাত তুমি যদুবংশত অৱতাৰিত হৈছা ।এতেকে , ভগৱানৰ অৱতাৰণৰ বিষয়েও সমূহ গোপনাৰী  জ্ঞাত ! 
       
     


ভাগৱতত বৰ্ণিত নৱধা ভক্তিৰ চূড়ান্ত পৰ্যায়েই হৈছে ৰাস , নিৰাসক্তৰ জনৰ ঈশ্বৰৰ প্রতি মাধুৰ্য্য মহাভাৱৰ বিকাশৰ স্বৰূপেই ৰাসক্রীড়া ।ভগৱানৰ প্রতি কেৱল বৃন্দাবনৰ গোপীসৱেই তেনে ভাৱনা প্রকাশ কৰিব পাৰে;  আন নালাগে ব্রহ্মা আদি দেৱগণ, শিৱ আদি মহাযোগী বা সাক্ষাৎ মহালক্ষ্মীয়েও সেই ৰস আস্বাদন কৰিবলৈ সক্ষম নহয় ।সেই প্রেমক অৱলম্বন কৰিয়ে বৈষ্ণৱ কবি সকলে ভিন্ন ভিন্ন কাব্যৰ ৰচনা কৰিছে । তেনে এখন কাব্য হৈছে বাৰ শতিকাত জয়দেৱ প্রণিত ‘গীত গোবিন্দ ’, এইখনি পুথিৰ পৰাই সমাজত ৰাধা কৃষ্ণৰ প্রেমৰ আখ্যান জনপ্রিয় হৈ উঠি্ছে , ৰাধাৰ বিষাদ,ব্যাকুলতা,উপালম্ভ বচন,বিৰহ সন্তাপ,পুণৰ মিলন আদি মাধ্যমেৰে ইয়াত শ্রীকৃষ্ণতকৈও ৰাধাকহে আগস্থান দিয়া হৈছে । অৱশ্যে, টীকাকাৰ সৱৰ মতে , ইয়াত বৰ্ণিত ৰাধা প্রকৃতাৰ্থত মানৱীয় ভূমা বা চেতনা শক্তি ,অথবা আত্মা, যি মান, প্রত্যাশা,হৰ্ষ,বিষাস ,নিম্দা সকলো স্তৰ অতিবাহিত কৰি শেষত পৰমাত্মাৰ সহিত এক হয় ।ৰাধাক ভগৱানৰ আহ্লাদিনী ৰূপে স্থাপন কৰাত নিম্বাকৰদেৱে বিশেষ ভাৱে টীকা ৰচনা কৰিছিল ; পৰৱৰ্তীকালত বৃন্দাবনৰ ৰূ্প-সনাতন আদি সন্ত মহন্ত, শ্রীহৰিবংশদেৱেও ৰাধা কৃষ্ণৰ যুগল উপাসনাক বহুলভাৱে প্রাচাৰ কৰিলে ।

  মাধুৰ্য ভক্তিক চৈতন্য পন্থীৰ বৈষ্ণৱধৰ্মত বিশেষ গুৰুত্ব দিয়া হয় : মহাপ্রভু গৌৰাংগয়ে (অন্য নাম চৈতন্যদেৱ)ভগৱানৰ প্রেমাভক্তিৰ আশ্রয়তে বংগ,উড়িষ্যা,বৃন্দাবন আদিত হৰি নামৰ প্রচাৰ কৰিছিল ।

         চৈতন্যচৰিত্রামৃতত গোপীভাৱৰ উল্লেখ পোৱা যায়- 
আত্মেন্দ্রিকয়-প্রীতি-ইচ্ছা তাৰ নাম কাম।
কৃষ্ণেন্দ্রিয় প্রীতি ইচ্ছা ধৰে প্রেম নাম।।
কামেৰ তাৎপৰ্য নিজ সম্ভোগ কেৱল।
কৃষ্ণসুখ তাৎপৰ্য প্রেমতো প্রবল।।
আত্মাসুখদুখ গোপী না কৰে বিচাৰ।

ইয়াৰ পৰা উপলব্ধি হয় কাম আৰু প্রেমৰ মাজৰ বিভেদ –
                  অতএব গোপীগণে নাহি কামগন্ধ।
                  কৃষ্ণসুখ-হেতুমাত্রা কৃষ্ণেৰ সম্বন্ধ।। 
গোপীৰ বিৰল ভাৱক বিষয়ীয়ে বুজাটো অসম্ভৱ - 
              ‘ যাৰ চিত্তে কৃষ্ণপ্রেমা কৰয়ে উদয়।
               তাৰ বাক্য –ক্রিয়া-মুদ্রা বিজ্ঞে না বুঝয়।।
           প্রেম ক্রমে বাড়ি হয় স্নেহ,মান,প্রণয় ।
                                  ৰাগ-অনুৰাগ-ভাব-মহাভাব হয় ।।’ (চৈতন্যচৰিত্রামৃত) 

‘মুক্তিত নিস্পৃহ’ ভক্তসৱৰ ভক্তিৰ বাৱেই ভগৱানৰ প্রেমাৱতাৰ । নিৰাসক্ত নিৰ্বিকাৰ অদৃশ্য এক ঈশ্বৰেই ভক্তজনৰ প্রেমাস্বাদ ল’বলৈ বৃন্দাবনত গো-ৰখীয়া হ’লহি ; ‘যথা ভক্তিৰ্মমোৰ্জিতং’ অৰ্থাৎ, প্রেমাভক্তিত সাক্ষাৎ ঈশ্বৰকে পোৱা যায়  । সেই স্বাৰ্থৰহিত প্রেমই চৰাচৰক সবল কৰে, সৰ্বভূতত দয়াৰ সঞ্চাৰ কৰে তথা মানুহে মানুহৰ প্রতি অহিংস ভাব পোষণ কৰাত সহায় কৰে , এই ভাৱনামৃতৰ সৰ্ব্বোচ্চ ক্রমেই যথাৰ্থ ৰাস ।
             
সহায়ক গ্রন্থ:
১. শ্রীমদ্ভাগৱত
২.কীৰ্তনঘোষা
৩. ভক্তি ৰত্নাৱলী
৪.চৈতন্য চৰিত্রামৃত
৫.তত্ত্বকথা,লক্ষ্মীনাথ বেজবৰুৱা 
                                                                                  --------------
 

Comments

Popular posts from this blog

Bhakti Ratnakar : Chapter of the Praises

    Bhakti-Ratnakar is a Guhartha Granth (Extensive devotional book),probably the only Sanskrit book of Srimanta Sankardeva ; Sankardeva summarized more than thirty two Vedic scriptures to preach the Eka-Sarana Bhakti or the Single-minded devotion to Sri Krishna .Among those texts ,some important texts are : Srimad Bhagavata,Bhagavat Gita,Pandavi Gita,Padma Puran,Naradiya Puran,Matsya puran,Vishnu Puran,Skandh Puran,Suta Samhita,Bhavartha Deepika,Santi Satak,Bhujanga prayat ,Nirsimha puran,Vishnu-dharamotara ,Yoga-sara,Vaishnavanada,Prabodh Chandrodaya. Here I'm presenting the traditional Assamese poetry trans-creation of  the same book in transliteration. Sri Ramacharan Thakur ,Third in the Disciplic succession from Sankardeva translated the book into Assamese in the late 16th century .This Particular Chapter has the glorification of Bhakatas or the pure devotees of Krsna . I'm trying to render the verses in a simple meaning.           ...

Annihilation Of Tartuffe : The ‘Pasanda Mardan’ Of Sankardeva

                               Annihilation Of Tartuffe : The ‘Pasanda Mardan’ Of Sankardeva The stumbling block to faith can be overcome only by the mercy of saintly beings; the loving devotion is the greatest grail in the Vaishnava philosophy. As it’s observed that in different eras, in many places, the transcendental lovers were afflicted by many, generally by the ruling class & by those blindly attached to black Rituals. But the great saints, overcoming all the hindrances, not only uplift the meek & weak but also left inspiration for people of all ages. So, It’s the late fifteen Century; As a part of the Bhakti revolution, Srimanta Sankardeva started the Vaishnava movement in North-Eastern India. His faith & movement have opened the door of spirituality for all classes of people in Assam. This Polymath Guru preached Krishna Bhakti & Bhagavata to even the so-called untouchables, it res...

Sankardeva's pastimes at Jagannath Puri

nirapekṣaṁ muniṁ śāntaṁ nirvairaṁ sama-darśanam anuvrajāmy ahaṁ nityaṁ pūyeyety aṅghri-reṇubhiḥ  - Srimad Bhagavata 11.14.16 (Meaning : With the dust of My devotees’ lotus feet I desire to purify the material worlds, which are situated within Me. Thus, I always follow the footsteps of My pure devotees, who are free from all personal desire, rapt in thought of My pastimes, peaceful, without any feelings of enmity, and of equal disposition everywhere.)      Tirth or pilgrimage in Vedic Tradition is the journey to holy places where knowledge, devotion and association of Saints is easily accessible.But unlike normal human beings ,a Sage visits holy places just to purify the material desires of others.Jagnnath Puri is one of the Holiest sites of Vaishnavism.This temple is associated with pastimes of many great personalities.Srimanta Sankardeva Visited Purusttama khestra twice,First somewhere near 1481 AD and later in 1550 AD.Whereas,Dinanath bezbarua wrote that the Mahapu...